
মঙলদৈঃ চীন দেশৰ ৰূগানত যোৱা ২৪ তাৰিখৰ পৰা ২৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ২০ সংখ্যক এছিয়ান মাষ্ট্ৰাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অংশ লৈছিল দৰং আৰু ওদালগুৰি জিলাৰ সীমামুৰীয়া অঞ্চল ভকতপাৰাৰ কুঞ্জলতা বড়োৱে।
একেবাৰে পিছপৰা অঞ্চল ভকতপাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা কুঞ্জলতা বড়োৱে ৫০ বছৰ শাখাৰ চেম্পিয়নচিপ ২০১৭ ত যোগদান কৰি ৪x৪০০ ৰিলেত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
নৱ প্ৰজন্মৰ বাবে উৎসাহ স্বৰূপ এই মহিলা খেলুৱৈ গৰাকী চীন দেশৰ পৰা আহি নিজ গাওঁত উপস্থিত হোৱাত আবছু¸ বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন দল-সংগঠনে বিপুল আদৰণি জনায় লগতে খেলুৱৈ গৰাকীক লৈ এক সমদল বাহিৰ কৰে।