লংকাঃ লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা লস্কৰ পথাৰৰ পৰা যোৱা চাৰি দিন ধৰি সন্ধানহীন হৈ আছে এজন  যুৱক৷ যোৱা শনিবাৰে দশমীৰ দিনা পুৱা প্ৰায় ৮ বজাত হোজাইলৈ পূজা চাবলৈ বুলি ওলাই গৈছিল লস্কৰ পথাৰৰ উপেন সিংহ (৩০) নামৰ যুৱকজন৷ পূজা চাবলৈ বুলি ওলাই যোৱা যুৱক উপেন আৰু উভতি অহা নাই ঘৰলৈ৷

আজি চাৰি দিন ধৰি সন্ধানহীন হৈ পৰা যুৱকজন বৰ্তমান পৰ্যন্ত ঘৰ আহি নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ৷ সম্বন্ধীয় পৰিয়াল তথা আত্মীয়ৰ ঘৰৰ লগতে বন্ধুবৰ্গৰ পৰিয়ালত বিচাৰ-খোচাৰ কৰিও পৰিয়ালৰ লোকে সন্ধান লাভ কৰা নাই উপেন ওৰফে বাবাৰ৷

ইতিমধ্যে যুৱকজনৰ পৰিয়ালবৰ্গই নিৰুদ্দেশ সংক্ৰান্তত আজি লংকা থানাত এখন এজাহাৰ দাখিল কৰে৷ কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ কোনো সম্ভেদ লাভ কৰে তেনেহলে লংকা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে৷