ডিব্ৰুগড়ঃ যোৱা সোমবাৰে আমগুৰি নগৰস্থিত কনফাৰেন্স হলত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, অসমৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। সংগঠনটিৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে সংগঠনটিৰ সাংগঠনিক দিশৰ লগতে আন কেইবাটিও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আয়োজিত সভাত 'অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, অসম’ৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া, কায্যনিৰ্বাহক সদস্য উপস্থিত থাকে৷

লগতে ৰাজ্যত বিভিন্ন জিলাত ইতিপূৰ্বে গঠিত বিভিন্ন জিলা সমিতি, আঞ্চলিক আৰু শাখা সমিতিসমূহৰ বিষয়ববীয়া প্ৰতিনিধিৰ উপৰিও মঞ্চৰ শুভাকাংক্ষী কেইবাটিও জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনি আৰম্ভ হয় দেশ আৰু জাতিৰ হকে আত্মাহুতি দিয়া জাতীয় শ্বহীদসকলৰ সোঁৱৰণ কৰা মৌন প্ৰাৰ্থনাৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যাত কেন্দ্ৰীয় সমিতিৰ মহাসচিব অৰিন্দম শদিয়াখোৱাই সংগঠনটিৰ সাংগঠনিক দিশৰ লগতে সমাগত প্ৰতিষ্ঠা দিৱস উদযাপন আৰু ৮ অক্টোবৰ তাৰিখে 'অসম সন্মিলিত মহাসংঘ'ৰ দ্বাৰা আয়োজিত 'গণ অভিৱৰ্তন' অনুষ্ঠানত মঞ্চৰ ভূমিকা সম্পৰ্কে প্ৰাশ কৰে৷

সভাৰ উদ্দেশ্য সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কল্যাণ খনিকৰ, উপসভাপতি মন্টু চুতীয়া, সাংগঠনিক সচিব বিজয় শদিয়াখোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সভাত অংশগ্ৰহণ কৰা জিলা সমিতি, বিভিন্ন আঞ্চলিক আৰু শাখা সমিতিৰ প্ৰতিনিধিবৰ্গই ব্ক্তব্য আগবঢ়ায়।

এই গুৰুত্বপূৰ্ণ সভাখনিত মঞ্চৰ সাংগঠনিক দিশ, সমাগত প্ৰতিষ্ঠা দিৱসৰ সম্পৰ্কীয় কেইবাটিও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰসমূহত 'অসম সন্মিলিত মহাসংঘ'ৰ প্ৰতি মুকলি সমৰ্থন ব্যক্ত কৰে।