নলবাৰীঃ ৮৭ বছৰত ভৰি থলে বিশিষ্ট সাহিত্যিক শশী শৰ্মাই৷ সেই উপলক্ষে আজি বিয়লি নলবাৰী প্ৰেছ ক্লাৱৰ উদ্যোগত তথা পৰিয়ালৰ সহযোগত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক, চিন্তাবিদগৰাকীৰ ওপজা দিনটো কেক কাটি উলহ মালহেৰে উদযাপন কৰা হয়। 

তদুপলক্ষে নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি জীতেন শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে প্ৰেছ ক্লাৱৰ সম্পাদক মজিবুৰ ৰহমানে। 

অনুষ্ঠানত আছুৰ জিলা সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন, নলবাৰী জিলা বাৰ্তাজীৱি সংঘৰ সম্পাদক ৰুপ কুমাৰ শৰ্মাকে ধৰি বিভিন্ন অনুষ্ঠান আৰু দল-সংগঠনে সাহিত্যিক শশী শৰ্মাক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু দীৰ্ঘায়ু কামনা কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সাহিত্যিক গৰাকীৰ সহধৰ্মিনী বিনাপাণি দেৱী সহ শতাধিক বিশিষ্ট ব্যক্তিৰ লগতে ৰাইজ উপস্থিত থাকে।