04
Oct
2017

internet
লংকাঃ গোলাঘাটৰ শান্তপুৰৰ অপহৃত ব্যৱসায়ীক হত্যা কৰা গিয়াছউদ্দিনক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ১৮ দিন পূৰ্বে গোলাঘাটৰ শান্তপুৰৰ ইব্ৰাহীম আলী নামৰ ব্যৱসায়ীজনক গিয়াছউদ্দিন সহ দুজন দুৰ্বৃত্তই অপহৰণ কৰি হোজাইলৈ লৈ আনিছিল৷
সেই ঘটনাৰ ১৮ দিন পাছত হোজাই আৰক্ষীয়ে ঘটনাৰ মূল নায়ক গিয়াছউদ্দিনক নগাঁৱৰ কছুৱাৰ পৰা আটক কৰে৷
আৰক্ষীৰ জেৰাত ধৃত গিয়াছে ব্যৱসায়ীজনক হত্যা কৰি হোজাইৰ নখুটিৰ দুৰ্গম অঞ্চলত মৃতদেহটো পুটি থোৱা বুলি স্বীকাৰ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷