প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গৰৈমাৰীঃ বিশ্ব শৰ্মাই শিক্ষক সকল যাতে কোনো ৰাজনৈতিক দলৰ লগত সক্ৰিয় ভাবে জড়িত থাকি শিক্ষাৰ মানদণ্ড অৱনমিত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ঠিক তেনে মুহুৰ্ততে খোদ প্ৰধান শিক্ষকৰ প্ৰত্যক্ষ হস্তক্ষেপত বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰাক লৈ ছাত্ৰ-ছাত্ৰীৰ লগতে অবিভাৱক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

প্ৰাপ্ত বাতৰি মতে ছয়গাঁও সমষ্টিৰ টপাৰপথাৰস্থিত ড০ জাকিৰ হুছেইন হাইস্কুলৰ নলা নিৰ্মাণ কামৰ শুভাৰম্ব কৰাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত কৰে। আজি দিনৰ দহ বজাত বিদ্যালয় চৌহদৰ ভিতৰত চলি থকা সভাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। 

লক্ষনীয় যে, সেই সময়ত নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা চলি আছিল। এনে হুলস্থূলীয়া পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ মানসিকতাৰ লগতে বহুতো অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ তুলিছে। উল্লেখ্য যে একাংশ ৰাইজে এই সভাখন বিদ্যালয় চৌহদৰ পৰা নিলগত অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে যদিও প্ৰধান শিক্ষক আয়েত আলী খানে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এই খন সভা অনুষ্ঠিত কৰিবলৈ দিয়ে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। 

প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই তথা ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি নিজৰ মইমতালিৰে এই সভা অনুষ্ঠিত কৰা বুলি প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে ক্ষোভ উজাৰে। 

ইফালে বিদ্যালয় চৌহদত নলা নিৰ্মাণ কামৰ শুভাৰম্ভ কৰাৰ বাবে অগপ দলৰ প্ৰাক্তন মন্ত্ৰী ডা০ কমলা কলিতাক মুখ্য উদ্ধোধক হিচাপে আমন্ত্ৰণ কৰাত ৰাইজে এয়া এক দলীয় সভা বুলি মন্তব্য কৰিছে। শিক্ষক জনৰ এনে দায়িত্ব জ্ঞানহীন কৰ্ম কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে দাবী জনাইছে।