04
Oct
2017

ৰঙিয়াঃ কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ নিউজ টাইম অসমৰ সাংবাদিক পুলিন বৈশ্যৰ আজি অকাল বিয়োগত মৰ্মাহত হৈ পৰিছ সংবাদ মহল। আজি বিয়লি প্ৰায় চাৰি বজাত আমিনগাঁওৰ নাৰায়ণ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে।
যোৱা ২৬ ছেপ্তেম্বৰত কমলপুৰৰ ওচৰৰ দলমাত এটা বাতৰি সংগ্ৰহ কৰি ওভটাৰ পথত দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল সাংবাদিক গৰাকী।
সাংবাদিক গৰাকীৰ অকাল বিয়োগত যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি নৱজ্যোতি কলিতাই শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সাংবাদিক পুলিন বৈশ্যৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে৷