06
Oct
2017

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হৈ যায়৷
কোৱাৰ্টাৰ ফাইনেল হাজো মিলন জ্যোতি সংঘ আৰু ঢোলকুছি সত্যকাম সংঘৰ মাজত অনুষ্ঠিত হয়৷ এই উত্তেজনাময় খেলখন ১১ গলত মীমাংসিত হোৱাত ট্ৰাইবেকাৰত হাজো মিলন জ্যোতি সংঘই বিজয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে।
খেল খন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, উমেশ শালৈ, আৰু সতীশ ডেকাই। শনিবাৰে আন এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ’ব৷ কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰিব অন লাইন এফ চি আৰু গুৱাহাটী দলে।