
বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিত ৰাইজৰ উগ্ৰমুৰ্তি দেখি আৰক্ষীয়ে নিশাই আটৰ কৰিবলৈ বাধ্য হল হত্যাকাণ্ডৰ অভিযুক্তক৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষী চকীত নিশা কেবা শতাধিক লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি হত্যাকাণ্ডৰ অভিযুক্তক আটক কৰাৰ দাবী জনায়৷ পুৰুষ মহিলাই চামগুৰি আৰক্ষী চকী ঘেৰাও কৰি বিভিন্ন শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷
চামগুৰিৰ লৰিমুখত সংঘটিত এটি হত্যাকাণ্ডৰ সৈতে জড়িত লোকক আটক নকৰাত ক্ষোভিত হৈ পৰে লোকসকল৷ লৰিৰমুখৰ সহস্ৰাধিক ৰাইজে দেওবাৰে নিশা আৰক্ষী চকীখন ঘেৰাও কৰি হত্যাকাৰিক ধনৰ বিনিময়ত আটক নকৰাৰ অভিযোগ উত্থাপন কৰে৷ ২ অক্টোবৰত লাইলুৰিত দুৰ্বৃত্তৰ আক্ৰমণত মস্ফিকুল ৰহমান আৰু আব্দুল কুদ্দুচ নামৰ পিতা-পুত্ৰ মৃত্যু হৈছিল৷
নিশা ক্ষুব্ধ সহস্ৰাধিক লোকে আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত তৎপৰ হয় আৰক্ষী। নিশাটোৰ ভিতৰতে হত্যাকাণ্ডৰ তিনিজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষীৰ অভিযানত নিশা ৰূপহীহাট বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জয়নাল আব্দিন আৰু জালাল উদ্দিন আৰু গুলজাৰ হুছেইন নামৰ তিনি অভিযুক্তক।