
গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ ছলেচ হস্পিতালৰ তৃতীয় মহলাৰ আই চি ইউ কক্ষৰ পৰা জাঁপ দি মনো কুমাৰ ৰাভা নামৰ ৰোগীজনৰ আত্মহত্যাৰ চেষ্টা কৰাৰ ঘটনাই চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয়৷
জিলাখনৰ দুধনৈৰ মনো কুমাৰ ৰাভা( ৪২) নামৰ ৰোগীজন অসুস্থ হৈ পৰাত আজি আবেলি চহৰৰ ছলেচ হস্পিটালত ভৰ্তী কৰোৱাৰ পিছত চিকিৎসকে আই চি ইউত ভৰ্তি কৰায়৷ আই চি ইউত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা চলি থাকোতেই ৰোগী গৰাকীয়ে চিকিৎসক-নাৰ্চৰ অনুপস্থিতিত আই চি ইউ কোঠাৰ যন্ত্ৰপাতি ভাঙি চুৰ মাৰ কৰি তিনি নম্বৰ মহলাৰ পৰা জাপ দিয়ে৷
ৰোগীৰ পৰিয়াল আৰু চিকিৎসালয়ত থকা লোকসকলে ৰোগীৰ এনে কাণ্ড দেখি হুৱা দুৱা লগাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইপিনে ৰোগীৰ অৱস্থা সংকটজনক হোৱাত তৎক্ষনাত গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়৷