গৌৰীসাগৰঃ সোমবাৰে মদ ব্যৱসায়ীৰ বিৰুদ্ধে সক্ৰিয় হ’ল শিৱসাগৰ প্ৰশাসন৷ জিলা আৱকাৰী বিভাগে দিনজোৰা অভিযান চলাই অবৈধ মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ১৪৫টা গোচৰ ৰুজু কৰি ৯০জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত এটি দলে চলাই এই অভিযান৷ অলিয়ে-গলিয়ে গঢ়ি উঠা মদৰ ঘাটি সমূহত ব্যপক হাৰত মদ বিক্ৰি কৰাৰ ফলত এক উশৃংখল পৰিবেশে বিৰাজ কৰি আহিছে শিৱসাগৰত৷

কিছুদিন পুৰ্বে শিৱসাগৰ চহৰৰ সমীপৰ এগৰাকী লোকে অত্যাধিক মদ্যপান কৰাৰ ফলত আত্মহত্যা কৰে৷ কণ কণ সন্তানক এৰি এনেদেৰ আত্মহত্যা কৰাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হয়৷ সমাজৰ বাবে বৰবিহ স্বৰূপ হৈ পৰা মদ নিবাৰণৰ বাবে ৰাজ্যৰ দল-সংগঠনে আহ্বান তথা প্ৰতিবাজ জনাই অহাৰ সময়তে এই অভিযান চলাই শিৱসাগৰ প্ৰশাসনে৷

সম্প্ৰতি ১৬,০০০ লিটাৰ চুলাই মদ, মদ মজুক কৰি ৰখা সামগ্ৰী ৪৯টা, বিলাতী মদ, বিয়েৰ, লাওপানী, জব্দ কৰি ধ্বংস কৰে প্ৰশাসনে৷ সোমবাৰে দলে-বলে আৰক্ষী সহ আৱকাৰী বিভাগৰ লোকে মেৰবিল চাংমাই গাঁও, জয়ৰাপাৰ, বাহৈটিং, বানমূখ দিহিঙ্গীয়া গাঁও, ৰজাবাৰী, দৰিকাপাৰ আদি অঞ্চলত অভিযান চলাই ৮টা গোচৰ ৰুজু কৰি ৬ জন লোকক গ্ৰেপ্তাৰ কৰে।

অভিযান কালত ৩৮০৫ লিটাৰ চুলাই মদ, মদ ৰখা সজুলীৰ লগতে ৩৫ লিটাৰ ডি পি এল, ৬০ লিটাৰ চুলাই, প্ৰস্তুত কৰা সজুঁলি জব্দ কৰে বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা জনসংযোগ বিষয়া তথা আৱকাৰী পৰিদৰ্শক আশুতোষ বৰুৱাই৷ শিৱসাগৰ প্ৰশাসনৰ এই পদক্ষেপক শলাগ লয় ৰাইজে৷