খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াত পথ দুৰ্ঘটনা সংঘটিত হৈ ৪গৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ বুঢ়ীগাঁৱত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত মঙলবাৰে সংঘটিত পথ দূৰ্ঘটনাত দলগাঁৱৰ জব্বাৰ আলী (৩৫) ৫নং বৰুৱাঝাৰৰ আব্বাছ আলী (৩৮) ৰুহিনী খুটীৰ বাটিত আলী (২২)আৰু নদীৰ কাষৰ মেজিকৰ চালক বাহাৰুল ইছলাম (২২)গুৰুতৰ ভাবে আহত হয়।

আহত আটাইকেইজনকে প্ৰথমে খাৰুপেটীয়া প্ৰথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও সংকটজনক অৱস্থাত তিনিজনৰ মঙলদৈলৈ প্ৰেৰণ কৰে। এ-এছ-১৩-ছি-৬২৮৩ নম্বৰৰ খাৰুপেটীয়া অভিমুখী তীব্ৰবেগী মেজিক ভানখন আৰু বিপৰীত দিশৰ পৰা আহি অহা ষোল্ল চকীয়া আৰজে-১৪-জিবি-৫১২৫ নম্বৰৰ ট্ৰাক খনৰ মুখা-মুখী সংঘৰ্ষ লাগে। ফলত মেজিক ভেনত থকা লোককেইজন আহত হয়৷