
তেজপুৰঃ ৰাজ্যৰ কৃষকৰ এতিয়া হাহাকাৰ সদৃশ পৰিবেশ৷ দুবাৰকৈ অহা বানে সেউজীয়া হ’বলৈ ধৰা কৃষি ডৰা নষ্ট কৰি থৈ যোৱাৰ পাছত স্বাভাৱিক ভাৱেই মূৰে কপালে হাত দিব লগীয়াত পৰিছে কৃষক শ্ৰেনীয়ে৷ আনহাতে যি অঞ্চলত সামান্য পৰিমাণে হ’লেও কৃষি উৎপাদন হৈছে, সেই সকল কৃষকেও নাপায় উৎপাদিত সামগ্ৰীৰ উচিত দাম নোপোৱাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত ৰাজ্যত দিনে দিনে কৃষি কাৰ্যৰ প্ৰতি বিৰাগ জন্মিছে কৃষক শ্ৰেনীৰ৷
উৎপাদিত সামগ্ৰীৰ উচিত দাম লাভ তথা কৃষকে লাভ কৰিবলগীয়া অন্যান্য সুবিধা সমূহৰ স্বাৰ্থত শেহতীয়াকৈ ওলাই আহিছে ভাৰতীয় কৃষাণ সংঘ৷ আজি ভাৰতীয় কৃষাণ সংঘৰ শোনিতপুৰ জিলা সমিতিৰ এটা সজাতি দলে শোনিতপুৰ জিলা উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি কৃষকৰ সমস্য সমাধানৰ দাবী জনায়।
প্ৰতি কুইণ্টল ধানৰ মূল্য ২০০০ টকালৈ বৃদ্ধি কৰা, প্ৰতিটো পঞ্চায়তত চৰকাৰী ভাবে ধান ক্ৰিয়া কৰা বাবে পি পি চি চেণ্টাৰ গঢ়ি তোলাৰ দাবী তুলি তিলক মহন্ত আৰু ৰূপক গগৈয়ে অতিৰিক্ত উপাযুক্তৰ জৰিয়তে ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷