
মোৰাঝাৰঃ আজমলৰ ভেটি কপাই আজি মোৰাঝাৰৰ দীঘলজাৰত শতাধিক এ আই ইউ ডি এফ কৰ্মীয়ে যোগদান কৰিলে শাসকীয় দল বিজেপিত৷ মোৰাঝাৰৰ দীঘলজাৰত বিজেপিৰ পূব বিন্নাকান্দি মণ্ডলৰ উদ্যোগত আজি বিয়লি অনুষ্ঠিত এক যোগদান সভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শতাধিক কৰ্মীয়ে যোগদান কৰে৷
শাসকীয় বিজেপি দলত সংখ্যালঘু লোক গ্ৰহণ কৰাক বিজেপিৰ নেতা কৰ্মী সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ পূব মণ্ডলৰ সভাপতি পুতুল দাসৰ পৌৰহিত্যত অনুষ্ঠিত যোগদান সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে যুৱ নেতা আব্দুছ ছালামে।
সভাত স্থানীয় এম পিৰ নমিনি মনেশ্বৰ বৰা, পূৱ মণ্ডলৰ উপ-সভাপতি ময়নুল, যুৱ নেতা ইছলাম, সাধাৰণ সম্পাদক কাৰ্তিক ৰয়, যুৱ নেতা বিলাল উদ্দিন, উমৰ উদ্দিনকে ধৰি বহুকেইগৰাকী নেতাই ভাষণ আগবঢ়ায়।
আনহাতে আজি অকচেক পথাৰ গাঁও পঞ্চায়তৰ দলীয় কাৰ্য্যালয়খন আনুষ্ঠানিক বাবে শুভ উদ্বোধন কৰা হয়। ইফালে যমুনামুখ সমষ্টিত বিধায়ক নিদ্ৰাত থকা সময়ত বিভিন্ন ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।