গুৱাহাটীঃ অষ্ট্ৰেলিয়া আৰু ফিফা বিশ্বকাপৰ লগতে এইবাৰ গুৱাহাটীত উপস্থিত হ’ব ঐতিহ্যমণ্ডিত ইষ্ট বেংগল ক্লাব। ইউনাইটেড ব্ৰাদাৰ্ছে ২ নৱেম্বৰ পৰা ৫ নৱেম্বৰলৈ ৪ৰ্থ বৰ্ষৰ বাবে জজ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ওলোৱা ডালমিয়া চিমেন্টছ সদৌ ভাৰত ভেটাৰেন ফুটবল চেম্পিয়নত ভাগ লবলৈ আহিব এই ইষ্ট বেংগল দলটো। 

অৱশ্যে মূল নহয়, ৪০ ঊৰ্ধৰ এখন প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিব আহিব দেশৰ আগশাৰীৰ দলটোৰ বয়স্ক খেলুৱৈ সকল। এইবাৰৰ প্ৰতিদ্বন্দিতাত নামিব ভূটান, নাগালেণ্ড, মণিপুৰ, কোকৰাঝাৰ, দিল্লী, শিলচৰ আদিৰ প্ৰবীন খেলুৱৈ সকলে। 

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে সবিশেষ জনায় ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবৰ সভাপতি প্ৰণয় বৰদলৈয়ে। লগতে উপস্থিত থাকে সম্পাদক ধীৰাজ দত্ত আৰু সদস্য চপন চক্ৰৱৰ্তী, আৰমাণ আলী, গোপাল জালান আৰু অমল চক্ৰৱৰ্তী।

পূৰ্বৰ দৰে এইবাৰো প্ৰতিযোগিতাখনিৰ ব্ৰেণ্ড এটা হৈছে জুবিন গাৰ্গ। ফাইনেল খেলৰ আগমূহুৰ্তত জুবিন একাদশ আৰু সাংবাদিক একাদশৰ মাজত এখন প্ৰীতিখেল অনুষ্ঠিত হ'ব। এইবাৰৰ বিজয়ী প্ৰতিযোগিক দিয়া হ'ব মুঠ ৫০০০০ টকা আৰু চলন্ত বঁটা লগতে ৰাণাৰ্চ আপক দিয়া হ'ব ২৫০০০ টকা আৰু চলন্ত বঁটা।