
নগাঁওঃ অসমৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনৰ অভিন্ন অংগ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু ইয়াৰ অন্তহীন সম্ভাৱনাক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ উদ্দ্যেশেৰে অসম চৰকাৰৰ অভিজাত অনুষ্ঠান নমামি ব্ৰহ্মপুত্ৰ উৎসৱ অহা ইং ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰলিলৈ পাঁচদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আন ২০ খন জিলাৰ সামন্তৰালকৈ নগাঁও জিলাতো উদযাপনৰ দিহা কৰা হৈছে ৷
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলাভিত্তিত এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ 'লৌহিত্য' শীৰ্ষক নৱম শ্ৰেণীৰপৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী পৰ্য্যন্ত মুকলি থকা প্ৰতিযোগিতাখনৰ বিষয় হ'ল ব্ৰহ্মপুত্ৰ আৰু নগাঁৱৰ ঐতিহ্য৷ নগাঁও কুইজ ফ'ৰাম 'কুইজিকেল'ৰ সহযোগিতাত ইতিমধ্যেই এই প্ৰতিযোগিতাৰ প্ৰথম প্ৰাৰম্ভিক লিখিত পৰীক্ষা জিলাখনৰ কলিয়াবৰ, চামগুৰি, নগাঁও সদৰ, ৰূপহী, ধিং, কামপুৰ আৰু ৰহাকে ধৰি সৰ্বমুঠ ৭টা ৰাজহ চক্ৰৰ সাতটা কেন্দ্ৰত বুধবাৰে ২৮ মাৰ্চ তাৰিখে অনুষ্ঠিত হৈ যায়৷
পাঁচ শতাধিত প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰথম প্ৰাৰম্ভিক লিখিত পৰীক্ষাৰ ফলাফল ২৯ মাৰ্চত ঘোষণা কৰা হ'ব৷ এই ফলাফল অনুসৰিয়েই প্ৰতিটো ৰাজহ চক্ৰৰ পৰা পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত তিনিটাকৈ দল তথা সৰ্ব্বমুঠ ২১ টা দলক ৩ এপ্ৰিল তাৰিখে পুৱা দহবজাৰ পৰা নগাঁও জিলা পুথিভঁড়ালত অনুষ্ঠিত হ'ব লগা দ্বিতীয় লিখিত বাছনি পৰীক্ষালৈ নিৰ্বাচিত কৰা হ'ব৷
এই পৰীক্ষাৰ পৰাই শ্ৰেষ্ঠ ৭ টা দলে সেইদিনাই উক্ত স্থানতে অনুষ্ঠিত হ'ব লগা চূড়ান্ত ৰাউণ্ডত অৱতীৰ্ণ হ'ব আৰু সৰ্বশ্ৰেষ্ঠ তিনিটা দলক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব৷ উল্লেখনীয় যে সেইদিনাই বিয়লি ২ বজাৰ পৰা নৱম শ্ৰেণীৰপৰা স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা এখনি তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব ৷
প্ৰতিযোগিতাৰ বিষয়- "ব্ৰহ্মপুত্ৰ অসমৰ বাবে আশীৰ্বাদ" The Brahmaputra is a boon for Assam৷ নগাঁও জিলা ভিত্তিত অনুস্থিত হ'ব লগা প্ৰতিযোগিতাখনৰ মাধ্যম হ'ব অসমীয়া আৰু ইংৰাজী৷ প্ৰতিযোগীসকলে যোগদানৰ সময়ত তেওঁলোকৰ শিক্ষানুষ্ঠানৰ পৰিচয়পত্ৰ আৰু শিক্ষানুষ্ঠান মূৰব্বী / প্ৰধানৰ লিখিত অনুমতি দাখিল কৰাটো বাধ্যতামূলক৷ বিতং তথ্যৰ বাবে ইচ্ছুকসকলে নগাঁও কুইজ ফ'ৰামৰ চন্দ্ৰজিৎ দাস ফোন নং ৯৪৩৫১২৮০৮১ ত যোগাযোগ কৰিব পাৰিব৷