
গুৱাহাটীঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নাদুৱা গ্ৰান্ট গাঁৱৰ সৰবৰহী যুৱক অনন্ত শইকীয়াৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে৷ বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় অনন্ত শইকীয়াই৷ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শইকীয়াৰ ঘৰ মানুহেৰে ভৰি পৰে৷ সকলোৰে আপোন অনন্ত শইকীয়া যোৱা সোমবাৰে হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও কেইটামান ঘন্টা চিকিৎসা লাভ কৰাৰ পিছতে মৃত্যুক আকোৱালি লয়৷
চাবুৱা ৰাজহ চত্রুৰ নাদুৱা গ্ৰান্ট গাঁৱৰ সুৰেন্দ্ৰ নাথ শইকীয়াৰ তৃতীয়জন পুত্র অনন্ত শইকীয়াই ভূল চিকিৎসাৰ ফলত মৃত্যুক আকোৱালি লোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ চিকিৎসকে চিকিৎসাত গাফিলতি কৰাৰ লগতে পৰিয়ালৰ লোককো ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। মৃত্যুৰ সময়ত অনন্ত শইকীয়াই পিতৃ, মাতৃ, পত্নী, তিনিগৰাকী কন্যা সহ বহু গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷
তেওৰ মৃত্যুত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সভাপতি উদয় শংকৰ মহন, অসম প্ৰেমী যুৱ সমাজৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কণ গগৈ, যুটীয়া সম্পাদক বিজন বায়ন, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চন্দন দাস, লাহোৱাল প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ধৰণি গগৈ, আৰক্ষী বিষয়া নৱ কুমাৰ বৰা, লেখক অৰুন গোস্বামীয়ে শোক প্ৰকাশ কৰে৷
আনহাতে চাবুৱা মিডিয়া ফ'ৰাম, অামছু ডিব্ৰুগড় জিলা সমিতি উপদেষ্টা ছফিৰ অালম খান, সভাপতি ইমতিয়াজ অালি, মটক ছাত্র সন্থা, বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ব্ৰজেন গগৈ, ছাত্র মুক্তি সংগ্ৰাম সমিতি চাবুৱা অাঞ্চলিক, সংগ্ৰামী যুৱ ছাত্র পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অৰুপ বৰুৱা সদস্য ৰেকিব বৰা অাহমেদ, AJYCPৰ চাবুৱা অাঞ্চলিক সমিতি, মটক যুৱ-ছাত্র সন্মিলনৰ ডিকম আঞ্চলিক সমিতি, অসম সুৰক্ষা সেনা, শিল্পী সমাজ, নিউজ নেক্সট ওৱানৰ উজনিৰ পৰিয়াল, অসম যুৱ পৰিষদ, সন্মিলিত খিলঞ্জীয়া পৰিষদ ডিব্ৰুগড় জিলা সমিতি সহ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷