
বিহালীঃ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ উদ্যোগত আৰু বিপ্লৱী যুৱ সন্থা, চি পি আই (এম এল)ৰ সহযোগত লক-আউট হৈ থকা বৰগাঁও চাহ-বাগিছাৰ শ্ৰমিকসকলৰ সতি-সন্তানে বৰগাং চেন্টাৰত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
যোৱা ২২ জুলাই তাৰিখৰ পৰা বে-আইনীভাৱে বৰগাও বাগিছাখনৰ কৰ্তৃপক্ষই লক্ আউট কৰি ৰাখিছে। যোৱা ১৫ ছেপ্তেম্বৰ তাৰিখে এই লক্ আউট সন্দৰ্ভত অসমৰ ৰাজ্যপালে প্ৰত্যাহাৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে বাগিছাখনৰ লক্ আউট প্ৰত্যাহাৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো আজিকোপতি নিষেধাজ্ঞা কাৰ্য্যকৰী কৰিব পৰা নাই বিশ্বনাথ জিলা উপায়ুক্তই।
জিলা উপায়ুক্তই ৰাজ্যপালে দিয়া নিষেধাজ্ঞাক অৱমাননা কৰা সাহস ক'ত পালে বুলি অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই৷ ইয়াৰ আঁৰত প্ৰভাৱশালী কেবিনেট মন্ত্ৰীৰ হাত থকা বুলিও অভিযোগ উত্থাপিত কৰিছে সংঘই।
সেয়েহে আজি চাহ-বাগিছাৰ শিশুসকলে ন্যায়ৰ ক্ষেত্ৰত এমুঠি অন্ন, বস্ত্ৰ আৰু শিক্ষা ব্যৱস্থাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছে বুলি বিপ্লৱী যুৱ সন্থাৰ বিহালীৰ আহ্বায়ক পৰিমল গৌড়ে জানিবলৈ দিয়ে।