মৰাণঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেনীৰ বাবে চৰকাৰে ন ন আঁচনি প্ৰস্তুত কৰি চমক সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে যদিও গ্ৰামাঞ্চল বিলাকত এতিয়াও এই আচনি সমূহে ঢ়ুকি পোৱা নাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেনীক৷ তেনে এক উদাহৰণ হৈছে ১১৫নং মৰাণ বিধান সভা সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ এলেকাধীন বোকাহোলা গাঁ‌ৱৰ ১০ নং ৱাৰ্ড।

এই ৱাৰ্ডটোৰ ২২ টা পৰিয়াল আজিও অটল অমৃত যোজনাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। ভূক্তভোগী পৰিয়াল কেইটাই জানিবলৈ দিয়াৰ মতে তেওঁলোকে এই কাৰ্ড লাভ কৰিবৰ বাবে যাবতীয় সকলো নথিপত্ৰ বিভাগীয় বিষয়াসকলক জমা দিছিল যদিও আজি পৰ্যন্ত তেওঁলোকে এই কাৰ্ড লাভ কৰিবলৈ সক্ষম নহ'ল।

ইফালে তেওঁলোকে পঞ্চায়ত প্ৰতিনিধিক এই বিষয়ে অৱগত কৰাত বিষয়টো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ আনিছে। অতি দৰিদ্ৰ এই পৰিয়াল কেইটাই পঞ্চায়ত সচিব গৰাকীৰ অকৰ্মণ্যতাৰ বাবেই এই খেলি মেলি সৃষ্টি হ'ল বুলি অভিযোগ আনিছে।

বঞ্চিত পৰিয়াল কেইটাই বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এই কাৰ্ড সমূহ পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। অন্যথা তেওঁলোকে অনাগত দিনত এক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।