14
Oct
2017

নামতিঃ চাৰিঙৰ কবি প্ৰয়াত নীলোৎপাল বৰাৰ সোঁৱৰণত জাগৰণ সংঘ চাৰিঙ আৰু ফেচবুকৰ জনপ্ৰিয় গোট গাজাৰী ডট কমৰ যুটীয়া উদ্যোগত শনিবাৰে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।
শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিব্য কুমাৰ ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিত জাগৰণ সংঘ আৰু গাজাৰী ডট কমৰ তৰফৰ পৰা প্ৰকাশ কৰা "আলোক-অশ্রু" আৰু "কনকচম্পা" নামৰ স্মৰণিকা দুখনি উন্মোচন কৰা হয়৷
স্মৰণিকা দুখনি উন্মোচন কৰে মহাবিদ্যালখনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মামনি বৰা আৰু শিক্ষা বিভাগৰ সহঃ অধ্যাপক মঞ্জুল কলিতাই। সভাখনত চাৰিঙ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।