গোলাঘাটঃ NSCN (আই-এম)ৰ ভাৰত চৰকাৰৰ মাজত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত দেওবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে দৈয়াং মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীত অসমৰ মাটি নাগালেণ্ডক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি জোঁৰ সমদল উলিযায় শ-শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা বৃহত্তৰ নাগালিম মানি লোৱা নহ’ব বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে৷কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে। অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায়।