বাৰপুজীয়াঃ লিখক, নাট্যকাৰ প্ৰবক্তা প্ৰদীপ শইকীয়াৰ মৃত্যুত শোকৰ ছাঁ পৰে মৰিগাঁৱত৷ মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা প্ৰদীপ শইকীয়াৰ দেওবাৰে আকস্মিক মৃত্যু হয়।

প্ৰবন্ধকাৰ, লিখক, নাট্যকাৰ, ভাষণৰ বাবে জনাজাত প্ৰদীপ শইকীয়াৰ মৃত্যুত তেও কৰ্মৰত মৰিগাঁও মহাবিদ্যালয় পৰিয়ালে শোক প্ৰকাশ কৰে৷

তেওৰ মৃত্যুত মৰিগাঁৱৰ দল-সংগঠন তথা মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে শোক প্ৰকাশ কৰে৷ তেওৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালক সমবাদনা জ্ঞ্ৰাপন কৰে৷