কাটিগড়াঃ ৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থাই বিপদত পেলাইছে চাৰিখন ৰাজ্যৰ লোকক৷ মেৰামতিৰ অভাৱত প্ৰকণ্ড প্ৰকাণ্ড গাতৰ বাবে এতিয়া গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়িব পৰিবেশ নাইকীয়া হৈছে পথটোত৷ মেঘালয় শিলচৰ-গুৱাহাটী সংযোগী ঘাই পথটো চাৰি ৰাজ্যৰ লোকে আহ-যাহ কৰে৷ মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু অসমৰ বৰাক উপত্যকাৰ লোকসকলে উত্তৰ পূৱৰ দোৱাৰ মূখ গুৱাহাটীলৈ এই পথটোৰে আহ-যাহ কৰে৷

চৰকাৰে ঘাই পথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰে যদিও ঠিকাদাৰ আৰু বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কেতিয়াও গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ দুদিন পুৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক উপত্যকাৰ গুণোৎসৱৰ কাৰ্যসুচীত অংশ লবলৈ যোৱাৰ এদিন পুৰ্বৰে পৰা দিনে-নিশাই মাটি দি পথটোৰ গাত মাৰিছিল৷ বছৰ বছৰ ধৰি পথটো নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ কেৱল একাংশ লোকে ধন ঘটি গৈছে৷

তাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাই পথটোৰ অসম মেঘালয় সীমান্তত অত্যাধিক বোজা কঢ়িওৱা ট্ৰাকক নাকি লগাব পৰা নাই দুয়ো ৰাজ্য চৰকাৰে৷ কিয়নো দুখন ৰাজ্যৰ চৰকাৰৰ ভ্ৰক্ষেপ নকৰি প্ৰশাসনক ভ্ৰুক্ষেপ নকৰি প্ৰতিদিনে কয়লা বোজাই কৰি অনায়াসে আহ-যাহ কৰে বহু ট্ৰাকে৷ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে গাড়ী মটৰৰ চলাবৰ উপায় নোহোৱা হোৱাত প্ৰায়ে দুৰ্ঘটনাত পতিত হয় ট্ৰাক সমূহ৷ অসম-মেঘালয় সীমান্তৰ ৰাতাচৰাত দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনা৷

দেওবাৰে এখন ট্ৰাক পথতে বাগৰি পৰাত ৫ জনকৈ লোক গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, কয়লা বোজাই কৰি অনা AS-01-DC-6549 নম্বৰৰ ট্ৰাক খন নিয়ন্ত্ৰণ হেৰুৱাই TR-02-0036 নম্বৰৰ বলেৰ’ আৰু AS-11-J-2425 নম্বৰৰ ইষ্টিম গাড়ীৰ ওপৰত পৰে৷ যাত্ৰী বহি থকা বলেৰ’ আৰু ইষ্টিমত ট্ৰাক খন বাগৰি পৰাত হুৱাদুৱা লাগে৷ গুৱাহাটী অভিমুখী দুয়ো খনৰ গাড়ীৰ যাত্ৰীসকলক স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে৷

যাত্ৰীসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজে৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে প্ৰায়ে এনেদৰে একাংশ ট্ৰাকে অত্যাধিক কয়লাৰ বোজা কঢ়িযায় অনাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ ইয়াৰ মাজতে বৰাক বৰাক উপত্যকাৰ একাংশ সংগঠনে শীঘ্ৰে পথটো নিৰ্মাণ কৰি যাতায়াতৰ বাবে উপেযোগী কৰিবলৈ দাবী জনায়৷