
কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীত ৰবিবাৰে মাজনিশা প্ৰায় ১১-২০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত চাৰিখনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ডৰ ফলত ফলত কমেও ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়। বালাজান তিনালীস্থিত দেবৰগাঁও ব্লক বিপিএফৰ কাৰ্যালয়ৰ সন্মুখত থকা এখন চাহ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ক্ষন্তেক পিছতে চাহ দোকানত থকা তিনিটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত জুইৰ লেলিহান শিখাই চৌদিশে আগুৰি ধৰে।
এটাৰ পিছত এটাকৈ তিনিটা চিলিণ্ডাৰৰ প্ৰচণ্ড বিস্ফোৰণৰ শব্দই স্থানীয় জনতাক ভীতিগ্ৰস্থ কৰি তোলে আৰু আন এক বালাজান তিনালী কাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰে। অৱশ্যে পিছত বহুসংখ্যক সাধাৰণ জনতা ঘটনাস্থলীত উপস্থিত হয় আৰু ইয়াৰে একাংশই পানী ঢালি জুই নুমুৱাৰ প্ৰচেষ্টা চলায়।
ঘটনাৰ কিছু সময় পিছতহে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ চাৰিওখন দোকান সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল। বালাজান তিনালীত অৱস্থিত দেৱৰগাঁও ব্লক বিপিএফৰ কাৰ্যালয়ৰ সন্মুখতে ভয়ংকৰ অগ্নিকাণ্ড হোৱা সত্বেও বিপিএফৰ কাৰ্যালয়টো দৈব্যক্ৰমে জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰাত বিপিএফৰ কৰ্মী সমৰ্থকে স্বস্তিৰ নিশ্বাস পেলাইছে।
উল্লেখ্য যে মাজনিশা হঠাতে বিপিএফ কাৰ্যালয়ৰ ঠিক সন্মুখৰ দোকানত কিদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল তথা কি পৰিস্থিতিত তিনিটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হ'ল সেয়া অদ্যপি জানিব পৰা হোৱা নাই৷ ইফালে বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচে এয়া কোনো দুৰ্ষ্কৃতিকাৰীৰ কাণ্ড নহয় বুলি মন্তব্য কৰি চাহ দোকানৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।