লংকাঃ হোজাই জিলাৰ লংকাত মঙলবাৰে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক নেতা-কৰ্মীয়ে পথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷

পথ মেৰামতিৰ দাবীত তথা কৃষক মুক্তিৰ নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাৰ্কেবস্তি আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কৰে৷ লংকা-নখুটি সংযোগী গড়কপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে মানুহে আহ-যাহ কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাত ৰাইজে যমৰ-যাতনা ভোগ কৰি অহাত পথটো মেৰামতিৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷

কৃষক মুক্তিৰ শতাধিক সদস্যই কৃষক মুক্তি জিন্দাবাদ, আমাৰ দাবী মানি লওক, বিজেপি চৰকাৰ হায় হায়, স্থানীয় বিধায়ক সুপ্ৰিয় মিশ্ৰৰ কাম নাই, বিজেপি চৰকাৰৰ কাম নাই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ পথ অৱৰোধ কৰাৰ ফলত পথৰ দুয়োদিশে শতাধিক যান-বাহন আবদ্ধ হৈ পৰে৷