গুৱাহাটীঃ NSCN (আই-এম)ৰ ভাৰত চৰকাৰৰ মাজত সম্পাদনা হোৱা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত মঙলবাৰে টাই আহোম যুৱ পৰিষদে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ পত্ৰ প্ৰদান কৰে৷ চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে সংগঠনটোৰ সম্পাদক নিতুল গগৈ আৰু মুখপাত্ৰ মোহন দিহিঙ্গীয়াৰ নেতৃত্বত এটি দহজনীয়া প্ৰতিনিধি দল উপস্থিত হৈ অতিৰিক্ত উপায়ুক্তক সাক্ষাত কৰি প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

অহা এমাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক চুক্তি ৰাজহুৱা কৰাৰ লগতে অসমৰ ভৌগলিক অখণ্ডতা অক্ষুন্ন ৰাখিবলৈ দাবী জনায় স্মাৰক পত্ৰ যোগে৷  অসমৰ মাটি নাগালেণ্ডক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰাৰ লগতে অসমৰ পৰিসীমা অটুট ৰখাৰ স্বাৰ্থত যিকোনো পন্থা অৱলম্বন কৰিবলৈ সাজু বুলি কয় টাই আহোম যুৱ পৰিষদে।

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা বৃহত্তৰ নাগালিম মানি লোৱা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে৷ অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে। অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায়।