
চাবুৱাঃ ৰাজ্যৰ চৌদিশে দীপাৱলীক আদৰাৰ প্ৰস্তুতি চলি থকাৰ সময়তে চাহ নগৰী চাবুৱাতো পোহৰৰ উৎসৱ দীপাৱলী পালনৰ ব্যাপক প্ৰস্তুতি চলিছে। সমানে সমানে ব্যস্ততা বঢ়িছে মৃৎ শিল্পীসকলৰো৷ দীপাৱলীৰ সময়তে মাটিৰ চাকি বিক্ৰী কৰি অলপ অৰ্থ উপাৰ্জনৰ বাবে এতিয়া সাজু তেওলোক৷
চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। অভিযোগ মতে, চীনা সামগ্ৰীৰ বাবেই এতিয়া বিক্ৰী হ্ৰাস হৈছে থলুৱা মৃৎ শিল্পৰ।
চাবুৱাকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত দীপাৱলীৰ প্ৰস্তুতি চলি থকাৰ মাজতে চীনা সামগ্ৰী বৰ্জন কৰি মাটিৰে নিৰ্মান কৰা চাকি আৰু অন্যান্য পূজাৰ সামগ্ৰীক ৰাইজে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছ। বিভিন্ন আকাৰৰ আকৰ্ষণীয় মাটিৰ চাকি নিৰ্মাণ কৰাত ব্যস্ত এতিয়া কুমাৰ শিল্পী সকল। প্ৰায় বিলুপ্ত হবলৈ ধৰা এই উদ্যোগটোৱে যেন উৎসৱৰ সময়তেই প্ৰাণ পাই উঠে। ছচিয়েল মিডিয়া তথা-বিভিন্ন দল সংগঠনে চীনা সামগ্ৰী বৰ্জনৰ শ্ল’গান দি থকাৰ সময়তো চীনা সামগ্ৰীৰে বজাৰ আজিও ভৰি আছে৷