
নামতিঃ কাতি বিহুৰ উলহ-মালহৰ মাজতে আজি সন্ধিয়া বনবিভাগৰ পিঞ্জৰাত শিৱসাগৰ জিলাৰ নামতি সমীপৰ ন-পাম বেলিমুখীয়া অঞ্চলত বনবিভাগৰ পিঞ্জৰাত আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী৷ জানিব পৰা মতে, বিগত বহু বছৰ ধৰি অঞ্চলটোত বহুকেইটা নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছিল।
যোৱা এমাহত অঞ্চলটোত পিঞ্জৰাৱদ্ধ হোৱা এইটো দ্বিতীয়টো বাঘ। বাঘটোক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে স্থানীয় লোকে আজি পিঞ্জৰা ব্যৱস্থা কৰাৰ কেইঘণ্টামানৰ পিছতেই সন্ধিয়া আবদ্ধ হয় নাহৰফুটুকীটো৷ প্ৰায় দহ বাৰবছৰীয়া ছয়ফুট দীঘল বাঘটোৱে স্থানীয় লোকক আক্ৰমণ কৰি আহত কৰা লগতে অঞ্চলটোত গৰু, ছাগলী আৰু কুকুৰ ভক্ষণ কৰি ত্ৰাস সৃষ্টি কৰি অহিছিল।
আজি বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে৷ স্থানীয় লোকৰ মতে অঞ্চলটোত আৰু কেইবাটাও নাহৰফুটুকী বাঘে বিচৰণ কৰি আছে আৰু শীঘ্ৰেই বাঘকেইটা পিঞ্জৰাবদ্ধ নকৰিলে অঞ্চলটোত অধিক ক্ষয় ক্ষতিৰ সৃষ্টি কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷ বাঘটো চাবলৈ নিশাই যথেষ্ট সংখ্যক লোকৰ আগমণ হয়৷