19
Oct
2017

দলংঘাটঃ দৰং জিলাৰ বালিপোতা গাঁৱৰ এগৰাকী অৱসৰী শিক্ষক সুৰেন্দ্ৰ ডেকাই বুধবাৰে যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। বোক্ৰাঝাৰ প্ৰথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ডেকাই বিভিন্ন সামাজিক অনুষ্ঠান প্রতিষ্ঠানত সভাপতি-সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰি সমাজখনক আগবাঢ়াই লৈ যোৱাত আগভাগ লৈছিল।
বিগত সময়ত তেখেতে দৰং জিলা সুত সমিতিৰ সভাপতিৰ দায়িত্ব বহন কৰি সুত সমাজখনক এক নতুন গতি প্ৰদান কৰিছিল৷ তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি দৰং জিলা সুত সমাজ, বালিপোতা শাখা সুত সমাজ, বালিপোতা হাইস্কুল, আলোক সংঘ, বালিপোতা বনিক সন্থা, সুৰী পুখুৰী মীন মহল সমিতিৰ লগতে বহু কেইটা অনুষ্ঠান-প্রতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
আজি তেখেতৰ নশ্বৰ দেহ বালিপোতা হাইস্কুললৈ আনি ছাত্ৰ-ছাত্ৰীসকলে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷