
লংকাঃ বহিঃৰাজ্যত এখন যাত্ৰীবাহী ৰেলৰ পৰা এগৰাকী মহিলা সন্ধানহীন হৈ থকা খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লংকাত৷ যোৱা ১৩ অক্টোবৰত পশ্চিমবংগৰ কাটোৱা নামৰ ঠাইৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰেল খনৰে যাত্ৰা কৰা পথৰ পৰা সন্ধানহীন হৈ পৰে এইগৰাকী মহিলা৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ যুৱক বেছা মজুমদাৰৰ সৈতে সম্পৰ্কীয় বকুলবালা মাতাব্বাৰ নামৰ মহিলা গৰাকীয়ে পশ্চিম বংগৰ কাটোৱা নামৰ ঠাইলৈ ফুলিবলৈ গৈছিল৷ কিন্তু যোৱা ১৩ অক্টোৱৰত পুনৰ দুয়ো নিজ ঘৰ অভিমুখে ৰাওনা হৈছিল কামৰূপ এক্সপ্ৰেছ যাত্ৰী বাহী ৰেল যোগে৷ ৰেলত যাত্ৰা কৰা সময়তেই দুয়ো ভুলবশতঃ কামৰূপ এক্সপ্ৰেছৰ ৰেলখনৰ বিকলাংগ ডবাত উঠি যাত্ৰা কৰিছিল৷
পিছত বেছা মজুমদাৰে উক্ত কথাটো জানিব পাৰি মালডা ষ্টেচনত সেই বিকলাংগ ডৱাটোৰ পৰা নামি অন্য ডবাত উঠিব লওতে ৰেল আৰক্ষীয়ে বেছা মজুমদাৰক ধৰি সোধ পোছ কৰাৰ লগতে জৰিমণা বিহে৷ ইফালে, বেছা মজুমদাৰৰ লগত যোৱা মহিলা গৰাকী ৰেলত অকলশৰীয়া হৈ পৰে৷ অসম অভিমুখী যাত্ৰা কৰা ৰেল খনৰ পৰা তেতিয়াৰ পৰা মহিলা গৰাকী সন্ধানহীন হৈ পৰে৷
পিছত বেছা মজুমদাৰে অন্য ৰেল যোগে লংকাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীক অৱগত কৰে৷ লগতে বুধবাৰে মহিলা গৰাকীৰ নিৰুদ্দেশ সংক্ৰান্তত লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ কোনো সদাশয় লোকে যদি সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰে তেনেহলে ৯৭৩৪১১০৬৯৭নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷