
মুচলপুৰঃ দীপাৱলীৰ প্ৰাকক্ষণত পৃথিৱী এৰিবলৈ বাধ্য হ’ল নৱনীতাই৷ উচ্চ প্ৰাৱল্যৰ ফটকাৰ শব্দত চিৰ দিনৰ বাবে হেৰাই থাকিল কিশোৰীগৰাকী৷ বুধবাৰৰ কাতি বিহুৰ সন্ধিয়া ঘটিল এই অঘটন৷
বাক্সা জিলাৰ টকানকাটাৰ গগন কলিতাৰ কন্যা নৱনীতা কলিতাই কাতি বিহুৰ উচাহ বুকুত সামৰি বাটলৈ ওলাই আহিছিল৷ তেতিয়া গাঁৱৰ চাৰিওফালে বাপোতিসাহোন কাতি বিহুটিৰ লগতে পাছদিনাৰ দীপাৱলীৰ উল্লাস আনন্দ৷ সেই উল্লাস আনন্দৰ অংশীদাৰ হৈ নৱনীতায়ো পদূলিমুখত থিয় দি উপভোগ কৰি আছিল কাতি বিহুৰ গধূলিৰ মিঠাতেলৰ চাকিৰ পোহৰৰ নৈসৰ্গিক দৃশ্য৷
ঠিক সেই মূহুৰ্ততে চুবুৰীয়া লোকে ফটকা ফুটায়৷ তাৰ পাছতে ঘটিল অঘটনটো৷ উচ্চ প্ৰাৱল্যৰ ফটকাৰ কান তাল মৰা শব্দত চক্ খাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে নৱনীতাৰ৷ আৰু তেনেদৰেই অকাল মৃত্যুক সাৱটি লয় নৱনীতা কলিতা নামৰ কিশোৰী গৰাকীয়ে৷
ইফালে কিশোৰী ছাত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ঢল নামি পৰিছে৷ কাতি বিহু আৰু দীপাৱলীৰ উচাহ নিমিষতে ম্লান পৰিছে অঞ্চলটোত৷