
কাজিৰঙাঃ যোৱা ১২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিছিল তিনিজনীয়া এটা দলে। দলটোত এজন প্ৰফেশ্বনেল শ্বুটাৰৰ লগত স্থানীয় দুজন ব্যক্তি আছিল। কাজিৰঙা বনবিভাগ আৰু বোকাখাত আৰক্ষীৰ তৎপৰতাত গঁড় হত্যা কৰিব নোৱাৰি উদ্যানৰ কাষৰীয়া লহৰে চাপৰিত আশ্ৰয় লৈছিল চিকাৰীৰ দলটোৱে।
ইপিনে, উদ্যানৰ কাষৰীয়া গাঁওসমূহৰ স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকলক আৰক্ষীয়ে বিষয়টো অৱগত কৰে। তাৰ পাছতেই বুধবাৰে নিশা তিনিজন অচিনাকী লোকক ৰাইজে দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰু লগে লগে অস্ত্ৰ-শস্ত্ৰ সহ লোক কেইজনক আটক কৰিবলৈ চেষ্টা কৰে স্থানীয় ৰাইজে৷
ইফালে ৰাইজৰ হাতৰ পৰা এজন গড় চিকাৰী পলাই সাৰিবলৈ সক্ষম হয় যদিও ৰাইজে অস্ত্ৰসহ দুজনক আটক কৰে। চোৰাং গড় চিকাৰী কেইজনক আটক কৰি পাছত স্তানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আটকাধীন দুজনক নিজৰ জিম্মালৈ আনে।
ধৃত দুয়োজনেই দিপান্বিতাৰ সময়ত গঁড় চিকাৰৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাত বাহৰ পতা বুলি স্বীকাৰ কৰিছে। ধৃত গঁড় চিকাৰী দুজন হ'ল দ্বীপেন পেগু আৰু যোচেফ আংঘাল। আনহাতে, তেওঁলোকৰ পৰা আৰক্ষীয়ে এ কে ৫৬ ৰাইফল এটা, ৩৬ ৰাউণ্ড সজীৱ গুলী আৰু দুটা মেগজিন আৰক্ষীয়ে উদ্ধাৰ কৰিছে।
স্থানীয় ৰাইজ, গাঁওৰক্ষী বাহিনী তথা বোকাখাত আৰক্ষীৰ এই তৎপৰতাই কাজিৰঙাক আন এটা গঁড় হত্যাৰ কলংকৰ পৰা ৰক্ষা কৰিলে।