
গৌৰীসাগৰঃ অসমত মুলুকত আছে হাতী খোৱা মানুহ৷ হয়, এই কথা হজম কৰিব নোৱাৰি যদিও চিৰন্তন সত্য বুলি আপুনি মই ধৰি লব পাৰো৷ একৈশ শতিকাত বনৰীয়া হাতীৰ মাংস ভক্ষণ কৰিবলৈ তথা এটুকুৰা হাতীৰ মঙহৰ বাবে হেতা-ওপৰা লাগিল ঐতিহ্যমণ্ডিত শিৱসাগৰত৷ জিলা খনৰ নিতাইপুখুৰী থানাৰ অন্তৰ্গত ডিমৌ দলপা থানঘৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা৷
দলপাত আছে একাংশ হাতী খোৱা মানুহ৷ হয়তো একাংশ লোকে ইতিমধ্যে ভক্ষণো কৰিলে হাতীৰ মঙহ৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা দলপাৰ খেতি পথাৰত প্ৰবেশ কৰিছিল এটি হাতীৰ জাকে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰাৰ দৰে দেওবাৰে নিশা দলপাত প্ৰবেশ কৰি খেতি পথাৰ তহিলং কৰিব ধৰে৷ একাংশ লোকে হাতীৰ জাকটোক খেদাৰ চেষ্টা কৰে৷
তাৰ পিছতে পুৱাই খেতি পথাৰত একাংশ লোকে প্ৰত্যক্ষ কৰে এটি হাতীৰ মৃতদেহ৷ এই খবৰ বনজুইৰ দৰে বিয়পি পৰে অঞ্চলটোত৷ একাংশ লোকে হাতীটোৰ দেহৰ পৰা মাংস কাটিব দৰে৷ লাহে লাহে ভীৰ বৃদ্ধি হয়৷ হেতা ওপৰা লাগে এটুকুৰা মঙহৰ বাবে৷ প্ৰায় ২ ঘন্টাৰ ভিতৰত হাতীটোৰ মঙহ কাটি লৈ যায়৷ শনিবাৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে শিৱসাগৰ ভ্ৰমণ কৰাৰ প্ৰাকমুহূৰ্তত সংঘটিত এই জঘণ্য ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ডিমৌ ৰাইচাই খেল পথাৰত খেল উপভোগ কৰিবলৈ অহা কেইঘন্টামান পূৰ্বে নিশা খেতি পথাৰলৈ অহা হাতীৰ জাকক খেদিবলৈ বনবিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ লোক হাতীটোক হত্যা কৰাৰো অভিযোগ উত্থাপন কৰে৷ দলপা গাঁৱৰ কাংকান পথাৰত নিৰ্মম ভাৱে হত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে৷
যদি হত্যা কৰিলে তেন্তে টুকুৰা টুকৰে কাটি ভোজ ভাত খাবলৈ হাতীটোক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ জীৱশ্রষ্ঠৰ মানৱৰ কাণ্ডই জোকাৰি গৈছে সমগ্র ৰাজ্য৷ এতিয়াও গভীৰ নিদ্রাত থকা বনবিভাগ সাৰ পোৱা নাই বুলি ৰাইজে ক্ষোভ উজাৰে৷ থাউৰা সমষ্টিৰ পানীদিহিং অভৰাণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ত্রাসৰ সৃষ্টি কৰি অহাৰ সময়ত হাতী জাকটোৰ পৰা ফালৰি কাটি আহিছিল মখনা হাতীটো৷