
চাবুৱাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত যোৱা ৬ মাহ ধৰি প্ৰায় ২৫ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে গছৰ তলত পাঠগ্ৰহণ কৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিয়ে ।
সংগঠনটোৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈ আৰু সভাপতি জিতুপন শইকীয়াই কয় যে যি সময়ত শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ গুণোৎসৱৰ নামত ধাক-ঢোল বজাই আছে ঠিক সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয় , সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত শিক্ষাদান দিয়াৰ নামত কণ -কণ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি আহিছে শিক্ষা বিভাগে ।
উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত অহা প্ৰচণ্ড বতা ধুমুহাৰ ফলত পানীতোলা শিক্ষাখণ্ডৰ অন্তগত প্ৰায় ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছিল । বহুকেইখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিনপাট বতাহ ধুমুহাই উৰুৱাই নিয়াৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ বাবে শিক্ষকসকলে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । ইপিনে বহুকেইখন বিদ্যালয়ত এটা ৰুমতেই পাঁচটা শ্ৰণীকোঠাৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিলগীয়া হৈছে ।
কিছুমান বিদ্যালয়ত খেলপথাৰৰ গছৰ তলতো পাঠদান কৰিলগীয়া এক পৰিবেশৰ সৃষ্ঠি হৈছে । সংগঠনটোৰ নেতাজনে লগতে কয় যে ৯ জুলাই তাৰিখে সংগঠনটোৱে চাবুৱা চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰি উপায়ুক্তক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছিল । ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বিদ্যালয়সমূহ ১ মাহৰ ভিতৰত নিমাৰ্ণ কৰি ছাত্ৰ ছাত্ৰীসকলক এক সুস্থিৰ পৰিবেশত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে ।
কিন্তু ৩ মাহ পাৰ হৈ যোৱাৰ পিছতো শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব প্ৰদান কৰা দেখা নগল বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । যাৰ ফলত সংগঠনটোৱে অতি সোণকালে বিদ্যালয়কেইখন নিমাৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে অন্যথা অতি সোণকালে তীব্ৰ গণতান্ত্ৰীক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি প্ৰশাসনক সকিয়াই দিয়ে ।