প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ বিডিঅ’ চাৰে টকা নহ’লে নকৰে কাম৷ যাৰ ফলত শাসকীয় বিজেপি দলৰ নেতাই দিব লগা হ’ল গোচৰ৷ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহী উন্নয়ণ খণ্ডৰ বিডিঅ’ গদাধৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে এগৰাকী বিজেপি নেতাই৷ ৰূপহী থানাত গোচৰ ৰুজু হোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, কিছুদিনৰ পূৰ্বে বিডিঅ’ গদাধৰ কলিতা আৰু তেওঁৰ সাংগোপাংগৰ বিৰুদ্ধে দুৰ্নীতি আৰু কমিছনৰ অভিযোগ উত্থাপন কৰি বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল বিজেপি নেতা সতীশ বিশ্বাসে ৷ পিছত নগাঁও জিলা আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে ৰূপহী আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে৷

আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে৷ উন্নয়ণ খণ্ডটোৰ কাৰ্যালয়ত পঞ্চায়ত প্ৰতিনিধিসকলে বিভিন্ন চৰকাৰী আঁচনিৰ ধন মোকলাই দিবৰ বাবে মোটা অংকৰ কমিছন বি ডি অ’ আৰু তেওঁৰ দালাল প্ৰকৃতিৰ সাংগোপাংগক দিব লাগে বুলি পূৰ্বে সংবাদ মাধ্যমৰ আগত মুকলিকৈ ক্ষোভ উজাৰিছিল ৷

এই বিষয়টোত গুৰুত্ব দি উন্নয়ণ খণ্ড কাৰ্যালয়টোত চলি থকা এনে অবাধ দুৰ্নীতি আৰু কমিছনৰাজৰ সন্দৰ্ভত বিজেপি নেতা সতীশ বিশ্বাসে নগাঁৱৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে৷ ইয়াৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতি, বিভাগীয় মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰে৷

বিজেপি নেতা সতীশ বিশ্বাসৰ তৎপৰতাৰ পিছতেই উন্নয়ণ খণ্ডটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ মাজত হুৱাদুৱা লাগে৷ ইফালে, বিভাগীয় নিৰ্দেশত ৰূপহীহাট থানাত বি ডি অ’ গদাধৰ কলিতা আৰু আকবৰ আলী নামৰ আন এজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি) ৪০৬ আৰু ৪০৯ ধাৰাত ৫৫৫/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷

উন্নয়ণ খণ্ডটোত দীৰ্ঘদিন ধৰি বি ডি অ’ হৈ থকা গদাধৰ কলিতাই চূড়ান্ত মইমতালিৰে দালাল আৰু কমিছনৰ বজাৰ মেলি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত কৰা বুলি স্বয়ং পঞ্চায়ত প্ৰতিনিধিসকলে বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় আয়ুক্ত জে বি এক্কাক লিখিত অভিযোগ দাখিল কৰে৷

ইফালে, আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা আনজন ব্যক্তি তথা গেৰেকী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আকবৰ আলীয়ে ভুৱা আই ডিৰে ইন্দিৰা আৱাস যোজনাৰ গৃহ নিজেই লোৱাৰ বিপৰীতে এম জি এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷