
কামপুৰঃ ৰাজ্য চৰকাৰে কামপুৰস্থিত নগাঁও সমবায় চেনিকলটো বহিৰাগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ চক্ৰান্তৰ অন্তৰালত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গভীৰ ষড়যন্ত্ৰ আছে। -এই অভিযোগ নগাঁও সমবায় চেনীকল সুৰক্ষা সমিতিৰ। সুৰক্ষা সমিতিয়ে কামপুৰত অনুষ্ঠিত কৰা এখন সংবাদ মেলত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনে। সংবাদ মেলখনত সুৰক্ষা সমিতিয়ে চেনি উদ্যোগটো বহিৰাগত প্ৰতিষ্ঠানক বিক্ৰী নকৰি স্থানীয় জেষ্ট গ্ৰীণ এনাৰ্জীক দিবৰ বাবে দাবী জনায়।
অসমৰ চেনী উদ্যোগ দুটা বাহিৰা প্ৰতিষ্ঠানৰ হাতত গটাব বুলি যোৱা ১৭ অক্টোবৰত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰাৰ পিছত কামপুৰত নগাঁও সমবায় চেনিকল সুৰক্ষা সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল খনত সুৰক্ষা সমিতিয়ে চৰকাৰৰ উদ্যোগ মন্ত্ৰীজনৰ এই হথকাৰী সিদ্ধান্তৰ অন্তৰালৰত গভীৰ ৰহস্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
সংবাদ মেলত সুৰক্ষা সমিতিয়ে মন্তব্য কৰে যে- ২০১০ চনত চৰকাৰে মৃত বুলি ঘোষণা কৰা চেনিকলটো বৰ্তমানৰ পৰা দুটা বছৰৰ আগতে থলুৱা প্ৰতিষ্ঠান জেষ্ট গ্ৰীৰ্ণ এনাৰ্জীয়ে পুনৰ জীৱিত কৰণৰ বাবে আগবাঢ়ি আহিছিল। প্ৰতিষ্ঠানটোক চৰকাৰে চেনিকলটো দিয়াৰ আশ্বাস দিয়াৰ পিছতো বহিৰাগত কোঠাৰী আৰু উত্তম নামৰ প্ৰতিষ্ঠান দুটাৰ হাতত দিব বিচৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সুৰক্ষা সমিতিয়ে।
সুৰক্ষা সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ অন্তৰালত উদ্যোগ মন্ত্ৰী গৰাকীৰ গভীৰ চক্ৰান্ত থকা বুলি প্ৰকাশ কৰে। চৰকাৰে থলুৱা উদ্যোগটো থলুৱা প্ৰতিষ্ঠানক গটাই নিদিলে ন্যায়লয়ৰ কাষ চপাৰ লগতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।