নলবাৰীঃ নলবাৰী স্বচ্ছ হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক সফল কৰিব নলবাৰী জিলাৰ নৱ নিযুক্ত উপায়ুক্ত সজ্ঞীৱ কুমাৰ দাসে৷ স্বচ্ছ ভাৰত অভিযান মিচনক নলবাৰীত সফল কৰি তোলাৰ বাবে সংশ্লিষ্ট বিভাগসমুহক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

২০ অক্টোবৰত নলবাৰীৰ উপায়ুক্ত হিচাপে যোগদান কৰিয়ে অসম আসামাৰিক সেৱাৰ বিষয়া সজ্ঞীৱ কুমাৰ দাসে জিলাৰ সদৰ নলবাৰী চহৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি তোলাত গুৰুত্ব প্ৰদান কৰাৰ বাবে অধিক তৎপৰ হৈ পৰাৰ লগতে সমানে তপৰ হ’বলৈ বাধ্য হয় নলবাৰী পৌৰসভা। জানিব পৰা মতে, উপায়ুক্তৰ পদক্ষেপৰ বাবে পৌৰসভাৰ কাৰ্যবাহী বিষয়া সজ্ঞীব কুমাৰ বৰা, সহকাৰী অভিযন্তা গিয়াছ আলী আৰু পৌৰ সভানেত্ৰী বিপাশা দাসৰ তৎপৰতা পৌৰকৰ্মীয়ে চহৰখনত চাফাই অভিযান চলাাৱা পৰিলক্ষিত হয়৷

দীপাৱলীত চহৰবাসীয়ে ব্যৱহাৰ কৰা কলগছসমূহ বিগত দুদিনত পৌৰসভাৰ কৰ্মীয়ে এফালৰ পৰা উঠাই নি চহৰ খনক আৱৰ্জনা মুক্ত কৰা হ’ব বুলি কয় পৌৰসভাৰ সহকাৰী অভিযন্তা তথা সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে৷ নৱ নিযুক্ত উপায়ুক্ত দাসে চহৰখনক কৃত্ৰিম বানপানীৰ পৰাও মুক্ত কৰিবলৈ পৰিকল্পনা কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

পূৰ্বে নলবাৰীত ৰাজহ চক্ৰ বিষয়া, ই এ চি, অতিৰিক্ত উপায়ুক্ত হিচাপে দীৰ্ঘকাল সফলতাৰে কাৰ্যনিৰ্বাহ কৰাৰ লগতে প্ৰায় দুবছৰ ধৰি নলবাৰী পৌৰ সভাৰ কাৰ্যবাহী বিষয়াৰ দায়িত্ব চম্ভালি পৌৰ সভাৰ কাম কাজত গতিশীলতা আনিবলৈ সক্ষম হৈছিল উপায়ুক্ত সজ্ঞীৱ কুমাৰ দাসে।