গোলকগঞ্জঃ সকলো দিশত উন্নয়ণ কৰাৰ শ্ল’গানৰ বিপৰীতে এতিয়া উন্নয়ণৰ নামত মহা শূন্য৷ চহৰ অঞ্চলৰ কথা সুকীয়া যদিও গ্ৰাম্য অঞ্চলত মানুহক গ্ৰাম্য বাট-পথৰ উন্নয়ণ খুবেই প্ৰয়োজন৷ কিয়নো খেতিয়ক, দৰিদ্ৰ শ্ৰমিক, ছাত্ৰ, গাঁৱৰ ৰোগী জকাইচুকৰ পথেৰে আহ-যাহ কৰে৷ পথৰ উন্নয়ণ হলে দিনে-নিশাই গ্ৰাম্য পথবোৰত এম্বুলেঞ্চ সোমাব পৰাৰ লগতে দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰী, শ্ৰমিকসকলে সময়মতে গন্তব্য স্থানলৈ যাব পাৰে৷

কিন্তু ধুবুৰী জিলাৰ শতকৰা ৮০ শতাংশ পথৰ অৱস্থাই গাড়ী-মটৰ চলাব পৰাৰ পৰিবেশ নাই৷ এজাৰ বৰষুণ দিলেই হাতত ছেণ্ডেল লৈ খোজকাঢ়িব লগা হয়৷ সংখ্যালঘু দৰদী  কংগ্ৰেছে নেতা-কৰ্মীয়ে জিলা খনৰ উন্নয়ণৰ ধন লুটি-পুটি খাই উন্নয়ণৰ কোনো কাম নকৰিলে৷ যাৰ ফলত জিলা খনৰ বাট-পথৰ প্ৰতিচ্ছবি খন স্বচক্ষে নেদেখিলে বিশ্বাস কৰিব টান লাগে৷ আনহাতে বিজেপি চৰকাৰ খনেও জিলা খনৰ বাট-পথৰ উন্নয়ণ বাবে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

মাথো ১৭ মাহত সকলো দিশত উন্নয়ন কৰা সম্ভৱ নহয় বুলি সময়ে সময়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কে কৈ আহিছে। মুলতঃ এই কথা পথ নিৰ্মাণৰ ক্ষেত্ৰত কৈ অহা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ খনে। কিন্তু ১৭ মাহত ৰাজ্যৰ বাট পথ নতুনকৈ নিৰ্মাণ কৰিব নোৱাৰিলেও পথৰ গাত কেইটা মাৰিবলৈ কেইমাহ লাগিব বুলি ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিছে ধুবুৰী জিলাৰ লোকে।

জিলা খনৰ গোলকগঞ্জ আৰু গৌৰীপুৰৰ বিধায়কে পথৰ এনে অৱস্থা দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হয়। ধুবুৰী জিলাৰ গোলকগঞ্জ বালাজান তিনিআলিৰ-তামাৰহাট পথ মেৰামতিৰ অবাৱত জহি খহি গৈছে৷ বানত বিধস্ত পথটো এজাক বৰষুণতে গাড়ী-মটৰ চলোৱাৰ দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হৈছে। পথটো নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়কক আবেদন-নিবেদন জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ বাবে এতিয়া খোজকাঢ়িব নোৱাৰা হৈছে ৰাইজে। পথটোত অহা-যোৱা কৰা যাত্ৰীসকলে বেমাৰ আজাৰ হোৱা লোকৰ লগতে গৰ্ভৱতী মহিলাক চিকিৎসলয়লৈ নিয়াত ভীষণ সমস্যাত পৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷