ধুবুৰীঃ ধুবুৰীৰ গৌৰীপুৰত চৰকাৰৰ আশা এৰি ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ৷ বান পানীত ক্ষতিগ্ৰস্ত এটি পথ মেৰামতি তথা নিৰ্মাণত চৰকাৰ-প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত মঙলবাৰে পুৱাই হাতে হাতে কোৰ লৈ ওলাই আহিল ৰাইজ৷ গৌৰীপুৰৰ আশাৰীকান্দি-ঘ্যাগেৰ আলগা পথটো মঙলবাৰে ৰাইজে শ্ৰমদান কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে৷ পথটোৰ বহু অংশ বান পানীয়ে উটুৱাই নিয়াত ৰাইজে ব্যাপক সমস্যাত পৰিছিল আহ-যাহ কৰাত৷

স্কুলীয়া ছাত্ৰ-ছাত্ৰী. ব্যৱসায়ী, চাকৰিয়াল আদিকে ধৰি নিতৌ শ শ লোকে যাতায়ত কৰা পথটো যাতায়াতৰ বাবে সুচল কৰাৰ বাবে আবেতন-নিবেদন কৰি সফল নোহোৱাত ৰাইজে দহ-বিশ টকা সংগ্ৰহ কৰি কেইজনমান যুৱকৰ নেতৃত্বত পথটো মেৰামতি কৰে৷ গৌৰীপুৰৰ আশাৰীকান্দিৰ পৰা ঘ্যাগেৰ আলগা সংযোগী পি এম জি এছ ৱাই পথটো ধুবুৰী গড়কাপ্তানী সংমণ্ডলৰ একাংশ অভিযন্তা আৰু ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

লেহেমীয়া গতিত কাম কৰি বাৰিষাৰ আগমূহূৰ্তত দায়িত্ব সামৰি নিৰ্মাণ সমাপ্ত নৌহওতেই ঠায়ে ঠায়ে এৰি যাবলৈ ধৰে৷ তাৰ পিছতে বানপানীয়ে উটুৱাই নিয়াত পথত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈ ৰাইজৰ যাতায়ত বন্ধ হৈ পৰে৷ ৫২লাখ টকা ব্যয় সাপেক্ষ্যে নিৰ্মান কৰিবলৈ লোৱা পথটো চৰকাৰে ৩১মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি এক নিৰ্দেশ দিছিল যদিও ঠিকাদাৰ-অভিযন্তাৰ হেমাহিৰ বাবে ছেপ্তেম্বৰ মাহলৈকে নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰিলে৷