কোকৰাঝাৰঃ আদিবাসী জনগোষ্ঠীৰ লোকে ৰাজ্যৰ কেইবা ঠাইত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰতো কেবা সহস্ৰাধিল লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যত বসৱাস কৰা চাওতাল, উৰাও, মুণ্ডা, গড়ঁ, খাৰিয়া, চাওঁৰা, কিচান, প্ৰজাঁ, লহৰা ইত্যাদি জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ দাবীত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি৷

আদিবাসী যুদ্ধবিৰত বিদ্ৰোহী সংগঠন সমূহৰ দাবী সমূহ আলোচনাৰ জৰিয়তে শীঘ্ৰে সমাধান কৰা, অসমৰ আদিবাসী চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদান কৰা, অসমত চাহ জনগোষ্ঠীৰ নাম সলনি কৰি আদিবাসী জনগোষ্ঠী নামেৰে নামাকৰন কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত বুধবাৰে এএনচিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

এএনচিৰ উদ্যোগত পুৱা ৭ বজাৰ পৰা ১২ বজালৈ কোকৰাঝাৰ জিলাৰ কাৰীগাঁও আৰু গোসাইগাঁৱত, ধুবুৰী জিলাৰ বহলপুৰত, চিৰাং জিলাৰ শ্যামঠাইবাৰত, বাক্সা জিলাৰ কদমতলত, ওদালগুৰী আৰু শোণিতপুৰ জিলাই যৌথভাৱে ওৰাংৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক সকীয়াই দিয়া জনগোষ্ঠীটোৱে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ সময়ত পিকেটিংকাৰীসকলে ন' এচ টি ন' ৰেষ্ট, আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হুচিয়াৰ আদি শ্ল’গানেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

ইপিনে কোকৰাঝাৰ জিলাৰ কাৰিগাঁওৰ ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত আদিবাসী নেশ্যনেল কনভেনশ্বন কমিটি চমুকৈ এএনচি'ৰ (সংগ্ৰামী গোট) সভাপতি বয়েল হেমব্ৰমৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত কেবা সহস্ৰাধিক আদিৱাসী জনতাই অংশগ্ৰহন কৰে। পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পাঁচঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে বেনাৰ ফেষ্টুন লৈ অৱস্থান গ্ৰহন কৰি পিকেটিংকাৰীসকলে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত হয়।

পিছত এএনচি(সংগ্ৰামী গোট)ৰ সভাপতি বয়েল হেমব্ৰম আৰু সাধাৰণ সম্পাদক বীৰসিং মুণ্ডা স্বাক্ষৰিত পাচঁদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। স্মাৰকপত্ৰত আদিৱাসী জনগোষ্ঠীক জনজাতিকৰণ কৰা, যুদ্ধবিৰত আদিৱাসী বিদ্ৰোহী সংগঠনৰ সমস্যাসমুহ সমাধান কৰা, চাহ জনগোষ্ঠীৰ সলনি সলনি অাদিৱাসী জনগোষ্ঠী শ্ৰমিক বুলি নামাকৰণ কৰা, আদিৱাসী চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰা আৰু উচ্ছেদিত আদিৱাসীলোকসকলক পুণৰসংস্থাপনৰ দিয়াৰ দাবী জনায়।

আনহাতে এএনচি(সংগ্ৰামী গোট)ৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই লোকসভা নিৰ্বাচনৰ পূৰ্বে আদিৱাসী জনগোষ্ঠীৰ দাবীসমুহ পুৰণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত আদিৱাসী জনতাই ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি সদৰি কৰে। প্ৰাপ্য সাংবিধানিক দাবীৰ সমৰ্থনত আৰম্ভ হোৱা এই গণ আন্দোলন আগন্তুক সময়ছোৱাত অধিক তীব্ৰতৰ হ’ব বুলি সদৰি কৰি বীৰসিং মুণ্ডাই জনমুৰী আয়ৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা আদিৱাসীৰ অৱদানক নস্যাৎ কৰি চৰকাৰে শাসনৰ নামত আদিৱাসী জনতাক শোষণ কৰি আছে বুলি মন্তব্য কৰে৷

ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আগন্তুক লোকসভা নিৰ্বাচনতে আদিৱাসী জনতাই বেলটেৰে দিব বুলিও সদৰি কৰিছে বীৰসিং মুণ্ডাই। তেওঁ আলফা, এনডিএফবিৰ দৰে আদিৱাসী যুদ্ধবিৰত সংগঠনৰ সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়া নাই বুলিও অভিযোগ কৰিছে। বৃহৎ অসমীয়া জাতিৰ অভিন্ন অংগ আদিৱাসী জনগোষ্ঠীক কংগ্ৰেছে বিগত ৫০ বছৰে প্ৰতাৰণা কৰিলে আৰু এতিয়া বিজেপিও একেই পথ গ্ৰহন কৰা বুলি অভিযোগ কৰি বীৰসিং মুণ্ডাই লোকসভা নিৰ্বাচনৰ পূৰ্বেই আদিৱাসীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ আহ্বান জনায়।