নলবাৰীঃ জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত ঢলি পৰিল কনিষ্ঠ ভাতৃ৷ মায়া, মমতা সকলো পাহৰি নলবাৰীত সুৰাপায়ী ভাতৃৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত হ’ল কনিষ্ট ভাতৃ কৰুণা বৈশ্য। বুধবাৰে নিশা নলবাৰীৰ গুৱাকুছিত সংঘটিত হয় এই ঘটনা। সুৰেণ বৈশ্য নামৰ লোকজনে নিতৌ সুৰাৰ ৰাগীত মাতাল হৈ ঘৰুৱা অশান্তিৰ কাৰক হৈ পৰিছিল৷

বুধবাৰে নিশাও সুৰেণ বৈশ্যই অতিপাত সুৰাপান কৰি  নিজ পুত্ৰৰ সৈতে কাজিয়াত লিপ্ত হয়। এই কথা গম পাই ভায়েক কৰুণা বৈশ্যই কাজিয়াত বাধা দিবলৈ যাওতে সুৰাপায়ী সুৰেণ বৈশ্যই সুৰাৰ ৰাগিত মাতাল হৈ দাৰে ঘপিয়াই । ফলত গুৰুতৰ ভাৱে আহত হয় কৰুণা বৈশ্য। লগে লগে পৰিয়ালৰ লোকে কৰুণা বৈশ্যক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকটজনক অৱস্থাত জি এম চি এইছলৈ প্ৰেৰণ কৰে।