জাজৰিঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ সভাগৃহত বৃহস্পতিবাৰে এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। ৫১টা পঞ্জীয়নভূক্ত গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধিৰ উপস্থিতিত জাজৰি থানাৰ গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন৷

সজাগতা সভাত উপস্থিত থাকে নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাস আৰু চক্ৰ সংগঠক বিষয়া হিৰণ্য প্ৰসাদ কাকতি।

থানা সমিতিৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আৰক্ষী বিষয়া গৰাকীয়ে বৰ্তমান সময়ত নৱ প্ৰজন্মই ৰাগিয়াল মদ, ভাং, ড্ৰাগছ আৰু জুৱাৰ প্ৰতি আসক্ত হৈ কিদৰে নিজকে ধংসৰ গৰাহলৈ ঠেলি দিছে আৰু জনসাধাৰনৰ সহযোগিতা অবিহনে সমাজৰ অশান্তি কৰিব পৰা শক্তি যে নিৰ্মুল কৰিব নোৱাৰি বুলি কয়।

সভাত চক্ৰ সংগঠক বিষয়া হিৰন্য প্ৰসাদ কাকতি, উপ-সভাপতি ডিম্বেশ্বৰ বৰা, আৰফান আলি, সমাজকৰ্মী মিজামল হুছেইনে বহুমূলীয়া ভাষণ আগবঢ়ায়।