কোকৰাঝাৰঃ কোকৰাঝাৰত যোৱা ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ২৫ সংখ্যক ৰাজ্যিক শিশু সমাৰোহ আৰু ৰূপালী জয়ন্তী উদযাপনৰ বৃহস্পতিবাৰে দ্বিতীয় দিন৷ ৰাজ্যৰ ৩৩ খন জিলাৰ পৰা অহা সম্ভাৱনাপূৰ্ণ শিশু বিজ্ঞানী, শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ নিজ পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ বিজ্ঞানী সকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই৷

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত এন ছি এচ ছিৰ সঞ্চালক ড০ অৰুপ কুমাৰ মিশ্ৰ, বিটিএডিৰ শিক্ষা সঞ্চালক ৰবিশংকৰ বৰগয়াৰী, জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছতে শিশু বিজ্ঞানী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কোকৰাঝাৰ চহৰত এক সাংস্কৃতিক শোভাযাত্ৰাও উলিয়ায় ৷ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই পতাকা জোকাৰি শুভ উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হৈ চহৰখনৰ জেডি ৰোড আৰু আৰএন বি ৰোড হৈ সমগ্ৰ চহৰ শোভাযাত্ৰা কৰি পুনৰ উক্ত বিদ্যালয়ৰ খেলপথাৰত অন্ত পেলায়৷

ইয়াৰ পিছতে দুপৰীয়া দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি এক মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য তথা বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে উদ্বোধনী ভাষন আগবঢ়ায়৷ মুকলি সভাত এনচিএছচিৰ সঞ্চালক ড০ অৰুপ কুমাৰ মিশ্ৰই এনচিএছচিৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷ ইয়াৰ পিছতে শিশু বিজ্ঞান সমাৰোহৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ 'আমাৰ বিজ্ঞান' উন্মোচন কৰে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷

তদুপৰি 'চিলেড্ৰন দি থাৰ্ড আই' নামৰ আনখন পুথি উন্মোচন কৰে অসম চৰকাৰৰ বৈজ্ঞানীক উপদেষ্টা প্ৰফেছাৰ জে এন গোস্বামীয়ে৷ ইপিনে মন্ত্ৰী কেশৱ মহন্তই মুকলি সভাত নিজ ভাষন প্ৰসংগত ৰাজ্যৰ প্ৰতিখন জিলাত একোটাকৈ বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে কোকৰাঝাৰ, নলবাৰী আৰু লক্ষীমপুৰ জিলাত তিনিটাকৈ তাৰকাগৃহৰ ইতিমধ্যে নিৰ্মানৰ কাম চলি আছে বুলি সদৰী কৰে ৷

কোকৰাঝাৰত নিৰ্মীয়মান তাৰকা গৃহ অহা মাৰ্চ মাহৰ ভিতৰত উদ্বোধন কৰাৰ আশা ব্যক্ত কৰি ৰাজ্যখনৰ আৰু ছয় স্থানত তাৰকা গৃহ নিৰ্মান কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি কয় ৷ তদুপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তথ্য বিজ্ঞানৰ দিশত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিশু বিজ্ঞানীৰ লগতে বিভিন্ন প্ৰতিষ্ঠান, ব্যক্তি আৰু যুৱক-যুৱতীসকলৰ মাজত বিজ্ঞান সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে তিনিটাকৈ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

উল্লেখ্য যে ২৫ অক্টোবৰৰ পৰা কোকৰাঝাৰত উছৱমুখৰ পৰিবেশৰ মাজত আৰম্ভ হোৱা ২৫ সংখ্যক ৰাজ্যিক শিশু সমাৰোহ আৰু ৰূপালী জয়ন্তী উদযাপনৰ বৃহস্পতিবাৰে দ্বিতীয় দিন৷ অহা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত হ’বলগীয়া চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সমাৰোহৰ অন্তিমদিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷