
নলবাৰীঃ মানুহৰ আহ-যাহৰ বাবে ব্যৱহাৰ কৰা পথ ব্যৱহাৰ কৰিলে বনৰীয়া হাতীৰ জাকে৷ বহু সময় ধৰি পথ আৱদ্ধ কৰি ৰখাত পথৰ দুয়ো দিশে আৱদ্ধ হৈ থাকিব লগা হ’ল বহু লোক৷
বিটিএডিৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ জাকৰ মুকলি বিতৰণ তথা হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে বনৰীয়া হাতীৰ জাকে বৃহস্পতিবাৰে আবেলি প্ৰায় চাৰিমান বজাত তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলীত বহু সময় ধৰি ৰাজ পথত থিতাপি ললে এটি হাতীৰ জাকে৷
ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি এক প্ৰকাৰ বীৰত্ব প্ৰদৰ্শন কৰে হাতীৰ জাকে৷ ফলত পথটোত চলাচল কৰা যান-বাহন সমুহ আৱদ্ধ হৈ পৰে৷ আনহাতে হাতীয়ে ৰাজপথ অৱৰোধ কৰা খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে বনৰীয়া হাতী চাবলৈ মানুহে ভীৰ কৰেহি৷ হাতীৰ জাকটোৱে ঘাইপথৰ লগতে পথৰ দাতিত বহু সময় অৱস্থান কৰাৰ পিচত পথটোৰ পশ্চিম দিশে গতি কৰে৷ দিনৰ পোহৰতে তেনেদৰে বনৰীয়া হাতীয়ে ৰাজপথৰ ওপৰত অৱস্থান কৰাত অঞ্চলটোত এক আতংকিত হৈ পৰিছে ৰাইজ৷