শুক্লাইঃ দিছপুৰ-বিটিএডিতৰ গাডীত বহা চৰকাৰে উন্নয়নৰ ক্ষেত্রত ওদালগুৰি জিলাৰ ভূটান সীমান্তবাসীক সদায় মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। অঞ্চবাসীয়ে কিবা এটা অনুদান পাবলগা হ’লে গনতান্ত্ৰিক আন্দোলন যেন কৰিবই লাগিব।

ওদালগুৰি-তামুলপুৰ পথৰ শুক্লাই নৈত দলং নিৰ্মান নোহোৱাৰ বাবে পাঁচটাকৈ ছাত্ৰ সংগঠনে টায়াৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত এতিয়া দলং নিৰ্মাণৰ প্ৰস্তুতি চলালে তৰকাৰে। এইবাৰ ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ডিমাকুছিৰ ৰজাগড়ত নিৰ্মান হৈ থকা স্বাস্থ্য কেন্দ্ৰৰ ভৱনৰ ঠিকাদাৰে অনিয়মেৰে কাম কৰি অহাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছু, আক্ৰাছু তথা স্থানীয় ৰাইজে।

প্ৰাপ্ত তথ্য মতে ভেৰগাঁও মহকুমাৰ অন্তৰ্গত অসম-ভূটান সীমান্তৰ ৰজাগড়, নালাপাৰাত স্বাস্থ্য কেন্দ্ৰ নিৰ্মানৰ দাবী দীৰ্ঘদিনীয়া আৰু সেই মৰ্মেই সীমান্তবাসীৰ এই দাবী চৰকাৰে গ্ৰহন কৰি তিনি বছৰ পূৰ্বেই ৰজাগড়ত স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়ে।  ঠিকাদাৰে কামো আৰম্ভ কৰে, কিন্তু স্বাস্থ্য কেন্দ্ৰ নিৰ্মানৰ দায়িত্বত থকা হৰিশিঙাৰ লংকেশ্বৰ দাস নামৰ ঠিকাদাৰে স্বাস্থ্য কেন্দ্ৰ নিৰ্মানত নিম্নমানৰ বালি, ভূটানৰ চিমেন্ট পাৱাৰ প্লাছ ব্যাৱহাৰ কৰে। ফলত স্বাস্থ্য কেন্দ্ৰৰ কেইবাখনো দেৱালত অতি সোনকালেই ফাট মেলা পৰিলক্ষিত হ’য়।

শুকুৰবাৰে পুৱা ঠিকাদাৰৰ নিৰ্দেশতে শুক্লাই নদীৰ অনুপযুক্ত বালি মিশ্ৰন কৰি শ্ৰমিকে কাম কৰি থকা পৰিলক্ষিত হ’য়। ব্যাপক অনিয়মেৰে কাম কৰি থকা সত্বেও চৰকাৰে ঠিকাদাৰৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে স্বাস্থ্যকেন্দ্ৰৰ কাম বন্ধ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে আছু আৰু আক্ৰাছুই।