
নলবাৰীঃ নলবাৰী জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী প্ৰসন্ন কলিতাক দেওবাৰে এখন সভা অনুষ্ঠিত কৰি ৰাইজে স্মৰণ কৰে৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চহৰৰ সমীপৰ সন্ধা যুৱক সংঘৰ বাকৰিত স্মৃতিচাৰণ তথা সোৱঁৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷
প্ৰয়াত কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে তেওঁৰ পত্নী অঞ্জু কলিতাই আৰু বন্তি প্ৰজ্বলন কৰে ছাত্ৰ নেতা ভবজিত বেজবৰুৱা আৰু অতুল কলিতাই। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিলকমল বৰ্মনে আতঁধৰা অনুষ্ঠানত প্ৰাক্তন প্ৰয়াত ছাত্ৰ নেতা কলিতাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ ডঃ বীৰেন কুমাৰ চক্ৰবৰ্ত্তীয়ে। সভাত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, অসম উন্নতি সভাৰ অমিয় বৰ্মন, প্ৰাক্তন ছাত্ৰ নেতা নগেন ডেকা, জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক উদয় বৰ্মন, ছাত্ৰ নেতা শশাংক দত্ত, কমলা তালুকদাৰ, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকা উপস্থিত থাকে৷