ওদালগুৰি/শিৱসাগৰঃ গুৱাহাটী মহানগৰীকে ধৰি উজনি-নামনিৰ বিভিন্ন ঠাইত মঙলবাৰে পালন কৰা হয় সংহতি তথা সংকল্প দিৱস৷ দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী তথা উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পটেলৰ জন্মদিনটোক কেন্দ্ৰীয় চৰকাৰে সংহতি দিৱস তথা সংকল্প দিৱস হিচাপে পালন কৰি আহিছে৷ ৰাজ্য প্ৰশাসনে মহানগৰীত একতাৰ বাবে দৌৰ অনুষ্ঠানৰ আয়োজন কৰে৷

যাৰ দ্বাৰা সংহতি স্থাপনৰ চেষ্টা চলায়৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। পৌৰসভাৰ সভাপতি, সদস্য, আৰক্ষী অধীক্ষক, বিষয়া-কৰ্মচাৰী, অতিৰিক্ত উপায়ুক্ত, জ্যেষ্ঠ নাগৰিক, শিৱসাগৰৰ ছাত্ৰ নেতা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত নাৰায়ণ মেলাং কোঁৱৰে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱাই।

ইয়াৰ উপৰিও উপায়ুক্ত কাৰ্যালয়ৰ পৰা উলিওৱা একতাৰ দৌৰত বহু লোকে অংশগ্ৰহণ কৰে। একেদৰে জিলাখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্ধীৰা গান্ধীৰ মৃত্যু দিৱসটিও সংকল্প দিৱস ৰূপে পালন কৰা হয়। হিংসা আৰু সন্ত্ৰাসবাদৰ বিৰোধিতাৰে এই দিৱস উপলক্ষে বিভিন্ন বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় সমূহতো সংকল্প বাক্য পাঠ কৰোৱা হয়। ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগতো একতা দিৱস পালন কৰা হয়৷ চহৰৰ মাজমজিয়াৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ বাকৰিৰ পৰা পুৱা ৭ বজাত একতাৰ বাবে দৌৰ অনুষ্ঠিত হয়৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমাপ্ত হোৱা এই দৌৰত উপায়ুক্ত দিলীপ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত ভাস্কৰ জ্যোতি মান্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক যুৱ ৰাজ সিং, জিলা ক্ৰীড়া বিষয়া ভুপেন ৰাভা উপস্থতি থাকে৷