তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ খন্দিকৰস্থিত নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত বৈৰাথী ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বুধবাৰে অনুষ্ঠিত উত্তেজনাময় মেচত বৰমা উদাংশ্ৰী ক্লাবে ধূপধৰা এফ চিক ৩-১ গলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

খেল খন পৰিচালনা কৰে ৰেফাৰী  দুলু তালুকদাৰ, বৈত্বচন বড়ো, মুকেশ আলী আৰু বুদ্ধ বড়োৱে। আনহাতে বৃহস্পতিবাৰে প্ৰথম খন ছেমিফাইনেলত অংশগ্ৰহণ কৰিব ওডালগুৰিৰ কুবেৰ আলী আদিবাসী আৰু সাদৰি এছ চি পাঠশালায়।