02
Nov
2017

ফিল'বাৰীঃ চাহ বাগিচাৰ দস্যু চকীদাৰৰ প্ৰহাৰত প্ৰাণ গ’ল শ্ৰমিকৰ৷ এই ঘটনা সংঘটিত হৈছে পেঙেৰীৰ ডিব্ৰুজানৰ এখন ব্যক্তিগত চাহ বাগিচাত৷ জানিব পৰা মতে, চাব বাগিচা খনৰ চকীদাৰ লক্ষীধৰ দহোটীয়া আৰু মদিন মৰাণ নামৰ শ্ৰমিকগৰাকীৰ মাজত সাধাৰণ কথাক লৈ কাজিয়াত লিপ্ত হয়৷
তাৰ মাজতে চকীদাৰ লক্ষীধৰ দহোটীয়াই মদিন মৰাণক বেয়াকৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ লক্ষীধৰৰ মাৰত মদিন লেবেজান হৈ পৰা৷ তথাপিও মাৰিবলৈ নেৰে লক্ষীধৰে৷ ফলত কিছু সময় পিছতে পেঙেৰীৰ তৰাণি গাঁৱৰ মদিন মৰাণ নামৰ লোক জনৰ মৃত্যু হয়। ইতিমধ্যে হত্যাকাৰী লক্ষীধৰক গ্ৰেপ্তাৰ কৰিছে পেঙেৰীৰ আৰক্ষীয়ে।