
শুক্লাইঃ ওদালগুৰি জিলাৰ ডিমাকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে স্বপন দাসে। দলিত সাহিত্য অকাডেমীয়ে যুৱ সমাজকৰ্মী স্বপন দাসক প্ৰদান কৰিব ৰাষ্ট্ৰীয় সেৱাশ্ৰী বঁটা৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ১নং উত্তৰ ডিমাকুছিৰ স্বপন দাসক ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ২০১৭ বৰ্ষৰ চাহেব আম্বেদকাৰ ৰাষ্ট্ৰীয় সেৱাশ্ৰী বঁটা প্ৰদান কৰিব৷
সামাজিক-স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে জড়িত দাসে অহা ১০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ অভিৱৰ্তনত এই বঁটা গ্ৰহণ কৰিব।
১নং উত্তৰ ডিমাকুছিৰ শৰৎ চন্দ্ৰ দাস আৰু স্বৰ্ণলতা দাসৰ কনিষ্ঠ পুত্ৰ স্বপন দাসে পিতৃৰ ভূমিত ক্ষুদ্ৰ চাহ বাগিচা স্থাপন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে বঙালী যুৱ-ছাত্ৰ ফেডাৰেছন, অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ কাম কৰি আহিছে৷
স্থানীয় আক্ৰাছু, আছু, এবছু, বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি কমল চৌধুৰী, আছা আৰু ডিমাকুছি প্ৰেছ ক্লাৱৰ উপ-সভাপতি পৱন নাথকে আদি কৰি বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা স্বপন দাসক।